Author Archives: S. Siddique

ছালাত আদায় কৰাৰ সঠিক পদ্ধতি

The Right Method Of Performing Salah (namaz) by Ikramul Hussain

মিলাদুন্নবী (মুহাম্মদ (ছা.) ৰ জন্মদিন) পালন কৰা বিদাত

image

“মিলাদুন্নবী (মুহাম্মদ (ছা.) ৰ জন্মদিন) পালন কৰা বিদাত”

কাৰো জন্ম, মৃত্যু, বিবাহ আদিৰ উপলক্ষে বিশেষ দিবস বা বাৰ্ষিকী উদযাপন কৰা এটা ইহুদি-খ্ৰীষ্টানৰ বিজাতীয় সংস্কৃতি, আৰু মুছলিম সকলৰ কাৰণে অমুছলমান সকলৰ সংস্কৃতিৰ অনুসৰণ কৰা সম্পুৰ্ণ হাৰাম।

   ঈদে মিলাদুন্নবী, ইয়াৰ উৎপত্তি আৰু ক্ৰমবিকাশ :- “ঈদে মিলাদুন্নবী” শব্দটো তিনিটা আৰবী শব্দৰ সমষ্টি – ঈদ্, মিলাদ আৰু নবী । ঈদ শব্দৰ অৰ্থ হ’ল – সমবেত হোৱা, আনন্দ উৎসব ইত্যাদি, মিলাদ শব্দৰ অৰ্থ হ’ল জন্ম বা জন্ম কাল আৰু নবী শব্দই নবী মোহাম্মাদ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ক বুজাইছে । “ঈদে মিলাদুন্নবী” ৰ অৰ্থ হ’ল নবী মোহাম্মদ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ৰ জন্ম উপলক্ষে পতা উৎসব ।

              ইতিহাসৰ পাত লুটিয়াই চালে দেখা যায় যে এই উৎসব নবী (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্), চাহাবায়ে কিৰাম, তবেইন ও তবে তবেইন সকলৰ মাধ্যমত কেতিয়াও অনুষ্ঠিত হোৱা নাছিল, এই সন্দৰ্ভত আলিম সমাজো একমত, তেন্তে ইচলাম ধৰ্মত ইয়াৰ আগমন ঘটিল কেনেকৈ ? ইয়াৰ উৎপত্তি সম্পৰ্কে দুটা ভিন্ন মত পোৱা যায়-

(১) প্ৰথম মত হ’ল – হিজৰী বৰ্ষৰ চতুৰ্থ শতাব্দীৰ শেষৰ ফালে মিচৰৰ ফাতেমী সাম্ৰাজ্যত উক্ত উৎসবৰ প্ৰচলন হৈছিল । সেই সময়ত মিচৰৰ জনগণে ছয়জন ব্যক্তিৰ জন্মোৎসব পালন কৰিছিল, তেখেত সকল ক্ৰমান্বয়ে – নবী (চাল্লাল্লাহু আলাইহি ৱচাল্লাম), আলী (ৰাঃ), হাচান (ৰাঃ), হুচেইন (ৰাঃ), ফাতেমা (ৰাঃ) আৰু তাৎকালীন ফাতেমী সাম্ৰাজ্যৰ খলিফা (আল খিতাত লিল মাকৰিযী ১/৪৯০ – ৪৯৯ পৃঃ) । তেতিয়াৰ পৰাই ঈদে মিলাদুন্নবীৰ প্ৰচলন হোৱা বুলি এচাম আলিমে কয় ।

(২) দ্বিতীয় মত হ’ল – হিজৰী বৰ্ষৰ সপ্তম শতাব্দীৰ প্ৰথম ফালে ইৰাকৰ মৌচুল চহৰত তাৎকালীন বাদচাহ আল্-মুযাফফৰ ৰ পৃষ্ঠপোষকতাত দৰবাৰী আলিম ওমৰ বিন মুহাম্মদ মল্লাৰ পৰিচালনাত ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ৰ জন্মবাৰ্ষিকী উদযাপন কৰা হৈছিল (হাচনুল মকচদ লিচ্চুয়ুতী ৪২ পৃঃ, আল বিদায়া আন নিহায়া – ১৩/১৪৭ পৃঃ) ।

            ইমাম আবু চামাহ (ৰাঃ) য়ে উক্ত দুই মতৰ ওপৰত বিশ্লেষণ কৰি কয় যে – উক্ত বিদাতৰ প্ৰথম প্ৰচলন ঘটায় ফাতেমী বা চিয়া সম্প্ৰদায়ে । হিজৰী চতুৰ্থ শতাব্দীৰ শেষৰ ফালে তেওঁলোকে মিচৰৰ ৰাজধানী কায়ৰোত এই বিদাতৰ আবিৰ্ভাব ঘটায় আৰু ইৰাক সহ বিভিন্ন ঠাইলৈ বিয়পি পৰে।
(আল্-বায়িচ লিআবী চামাহ – ২৩ – ২৪ পৃঃ) ।

এনেদৰে উৎপত্তি হোৱা এক বিদাতী অনুষ্ঠান আজিও আমাৰ সমাজত চলি আছে । বিংশ শতাব্দীৰ বিশ্ববৰেণ্য আলিম আল্লামা সেখ ইবনে বায (ৰহঃ) য়ে কৈছে – “মীলাদুন্নবী বা অনুৰুপ অনুষ্ঠান পালন কৰা জায়েজ নহয় কাৰণ এইচব ইচলামত নতুনকৈ সংযোজন হোৱা বিদাত্, যি চব ৰচুল (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্), খোলাফায়ে ৰাচেদিন্, চাহাবায়ে কিৰাম তথা ইচলামৰ স্বৰ্ণ যুগৰ কোনো লোকে পালন কৰা নাছিল, অথচ তেওঁলোকেই ৰচুল (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ৰ আদৰ্শৰ বিষয়ে বেচিকৈ জানিছিল আৰু অধিক পৰিমাণে ভাল পাইছিল্” ।

মুছলিম সকলৰ ঈদ হৈছে ঈদুল ফিতৰ (ৰমজানৰ ঈদ) আৰু ঈদুল আযহা (কোৰবাণী ঈদ) । এই দুটা ঈদৰ বাহিৰে ঈদে মিলাদুন্নবী নামৰ কোনো ঈদৰ কথা কোৰআণ হাদিছত নাই । আমি সেইসকল লোকক কৈছো যি সকলে ছিয়া সকলৰ দৰে ঈদে মিলাদুন্নাবী পালন কৰাৰ পক্ষপাতী, সিহতে এই বেদাতি উংসব “ঈদে মিলাদুন্নবীৰ” কথা কোৰআন হাদিছৰ কত আছে আমাক দেখুৱাই দিয়ক ।

উল্লেখযোগ্য যে ৰাছুলুল্লাহ (ছঃ) ৰ জন্ম ১২ ৰবিউল আওয়ালত হৈছিল এই কথা কোৰআণ হাদিছৰ কতো নাই । আচলতে ৰাছুলুল্লাহ (ছঃ) ৰ জন্ম নিশ্চিত ভাবে ১২ ৰবিউল আওয়াল নে ৯ ৰবিউল আওয়াল তাৰিখে হৈছিল ইয়াকে লৈ একতেলাফ আছে যদিও বেছিভাগ আলিমেই ৯ ৰবিউল আওয়াল তাৰিখৰ দলিলটোৱেই বেছি শক্তিশালি বুলি কয় ।
দলিল বিহীন, মানুহে বনোৱা কোনো ইবাদত আল্লাহে কবুল নকৰে । আৰু ই এক মহাপাপ । সেই কাৰণে মিলাদুন্নাবী পালন কৰাৰ পৰা বিৰত থাকক । বিদাতি আমল আল্লাহে কবুল নকৰাৰ কেইটামান হাদিছ –

ৰাছুলুল্লাহ (ছঃ) য়ে কৈছে –
নিশ্চয় সৰ্বোত্তম বাণী হৈছে আল্লাহৰ কিতাপ আৰু সৰ্বোত্তম আদৰ্শ হৈছে মহাম্মদ (ছঃ)ৰ আদৰ্শ । আৰু সকলোতকৈ নিকৃষ্ট বিষয় হৈছে (দ্বীনৰ মাজত) নতুন আবিস্কাৰ কৰা বিষয়বোৰ । আৰু প্ৰত্যেক নতুন উদ্ভাবিত প্ৰত্যেক বিষয়েই হৈছে বিদাত, আৰু প্ৰত্যেক বিদাতিয়েই হৈছে পথভ্ৰষ্ট আৰু প্ৰত্যেক পথভ্ৰষ্টৰ পৰিণাম হৈছে জাহান্নাম ।
(ছহীহ মুছলিম ১৫৩৫, নাসায়ী ১৫৬০)

ৰাছুলুল্লাহ (ছঃ) য়ে আৰু কৈছে –
যি ব্যক্তিয়ে আমাৰ এই দ্বীনত নতুন কিবা উদ্ভাবন কৰিব সেইটো প্ৰত্যাখ্যিত হব । (বুখাৰি, মুছলিম)

বিদ‘আতী সকলৰ আমল কবুল নহয় ৷ (বুখাৰী হা/৩১৮০)

বিদ‘আতী সকলৰ উপৰত আল্লাহৰ আৰু ফেৰেশতা আৰু সকলো মানুহৰ লানত বর্ষিত হয় ৷
(বুখাৰী হা/৩১৮০)।

আল্লাহে আমাক সকলোকে যেন বিদাত মুক্ত আমল কৰাৰ তৌফিক দিয়ে, আমিন  ।

লিখক:  Ikramul Hussain, Dist. and Sessions Judge (Retd.)

Posted from WordPress

সকলো সন্ত্ৰাসবাদীয়েই মুছলিম নেকি?

image

যদি ইছলামে সন্ত্ৰাসবাদৰ শিক্ষা নিদিয়ে তেনেহলে সকলো সন্ত্ৰাসবাদী মুছলিম কিয়??

এই প্ৰশ্নটো সাধাৰণতে অমুছলিম সকলে মুছলিম সকলক প্ৰায়ে সোধে। কিছুমানে ইয়াৰ উত্তৰ দিয়ে আৰু কিছুমানে হয়তো ইয়াৰ উত্তৰ দিব নোৱাৰে ।

প্ৰথম কথা সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই, এতিয়া সন্ত্ৰাসবাদ নিজেই এটা ধৰ্ম হৈ পৰিছে। ইছলামত সন্ত্ৰাসবাদীৰ স্থান নাই। ইছলাম মানে শান্তি। কোৰআনত আল্লাহে কৈছে (৫:৩২)- জীৱনৰ বিনিময়ৰ কাৰণ নহলে নাইবা ৰাজ্যত অন্যায়ৰ বিস্তাৰৰ কাৰণ নহলে যদি কোনোবাই কোনো মানুহক হত্যা কৰে (হওক হিন্দু, মুছলিম বা খ্ৰীষ্টান) তেনেহলে তেওঁ যেন গোটেই মানৱ জাতিক হত্যা কৰিলে।

দুখৰ বিষয় আজি কিছুমানে ইছলামৰ নাম লৈ আল্লাহৰ এই বাণীৰ সম্পুৰ্ণ ওলোটাটোহে কৰিছে। বেয়া মানুহ সকলো ধৰ্মতেই আছে, কিন্তু তাৰ কাৰণে ধৰ্মটো কেতিয়াও দায়ী হব নোৱাৰে।
এটা কথাত ধৰ্মটোক আপুনি দায়ী কৰিব পাৰে, যদিহে কোৰআন বা হাদীছত এইটো লিখা থাকে যে এজন মানুহ হত্যা কৰিলে এশ নেকি, দহজন মানুহ হত্যা কৰিলে ১০০০ নেকি, মানুহ হত্যা কৰিলে জান্নাত পাব পাৰি ইত্যাদি। এনেধৰণৰ কথা কৰবাত আছে জানো?
    যদি কোনোবাই ধৰ্মৰ ভিত্তিত সন্ত্ৰাসবাদক ভাগ কৰিব বিচাৰে তেনেহলে তলৰ তথ্য অনুসৰি কোন সন্ত্ৰাসবাদ???

১. হিটলাৰৰ নাম নিশ্চয় শুনিছে? তেওঁ ৬০ লাখ মানুহক হত্যা কৰিছে। তেওঁ নাস্তিক আছিল।
২. দ্বিতীয় বিশ্বযুদ্ধত ১ কোটি ৬০ লাখ মানুহক হত্যা কৰা হৈছিল। এই যুদ্ধ মুছলিমসকলে কৰিছিল নেকি? নে এই যুদ্ধ ধৰ্মৰ নামত হৈছিল?
৩. জোচেফ ষ্ট্যালিনৰ নিৰ্দেশত 1কোটি 45 লাখ মানুহ অনাহাৰত মৃত্যু হৈছিল৷(তেওঁ খ্ৰীষ্টান নাইবা নাস্তিক আছিল)।
৪. ফ্ৰান্সৰ মেক্ৰেমিলিনে ২ লাখ ৪০ হাজাৰ মানুহ হত্যা কৰিছে।
৫. অশোকে অকল কলিঙ্গৰ যুদ্ধতে এক লাখ লোকক হত্যা কৰে৷ তেওঁ মুছলিম আছিল নেকি?
৬‌) জৰ্জ বুশ্বৰ নিৰ্দেশত ইৰাকত 50 হাজাৰ শিশুক হত্যা কৰিলে।
৭)  চীনৰ মাওছেতুং য়ে ২ কোটি লোকক হত্যা কৰিছিল মডাৰেট সমাজতন্ত্ৰৰ নামত৷ এওলোক আছিল নাস্তিক।
৮)  ইটালীত সুচিলীনিত প্ৰায় 4 লাখ মানুহক হত্যা কৰা হয়।
৯) ২০১৪ চনত ফিলিস্তানত হাজাৰ হাজাৰ মুছলমানক কোনে হত্যা কৰিলে?
১০) ২০০৬ চনত মহাৰাষ্ট্ৰৰ মালেগাৱঁত বোমা বিস্ফোৰণৰ লগত জড়িত কৰ্ণেল শ্ৰীকান্ত, প্ৰজ্ঞা সিং ঠাকুৰ। য’ত নিহত হৈছিল ৩৭ জন লোক।
১১) ২০০৭ চনত আজমীৰৰ দৰগাহত বোমা বিস্ফোৰণৰ লগত জড়িত দেবেন্দ্ৰ গুপ্তা, সুনীল জৌছী, সন্দীপ দাঙ্গে, ইহত কি মুছলিম নেকি?
১২) ২০০৭ চনত হাইদৰাবাদৰ মক্কা মছজিদত বোমা বিস্ফোৰণত জড়িত দেবেন্দ্ৰ গুপ্তা, লকেচ শৰ্মা। ইহত কি মুছলিম নেকি?
১৩)  দিল্লীত হাজাৰ হাজাৰ শিখক মুছলিমে হত্যা কৰিছিল নেকি?
১৪) গুজৰাটত ২০০০ মুছলিমক কোনে হত্যা কৰিছিল?
১৫) ছটীচগড়ত শ,শ সেনাক কোনে হত্যা কৰিলে?
১৬) মহাত্মা গান্ধীক কোনে হত্যা কৰিছিল?
১৭) ৰাজীৱ গান্ধীক কোনে হত্যা কৰিছিল?
১৮) ইন্দিৰা গান্ধীক কোনে হত্যা কৰিছিল?
১৯) ২০০৮ চনৰ ৩০ অক্টোবৰত অসমৰ ছয়খন ঠাইত বোমা বিস্ফোৰণ। নিহত ১০০ ৰ ওপৰত পংগু হ’ল ১০০০ ওপৰত। এইবোৰ মুছলিমে কৰিছিল নেকি?
২০)  ধেমাজিত স্কুলত বোমা বিস্ফোৰণ, নিহত ১০জন কণ কণ শিশু । এইবোৰ মুছলিমে কৰিছিল নেকি?
২১) ২০১৪ চনত কোকৰাঝাৰত কণ কণ শিশুসহ প্ৰায় ১০০ জন মুছলমানক কোনে হত্যা কৰিছিল?
২২) নেলীত হাজাৰ হাজাৰ মুছলমানক কোনে হত্যা কৰিছিল?
২৩) শেহতীয়াকৈ আদিবাসী হত্যা যজ্ঞত কোন জড়িত ?
২৪) সৌ সিদিনা বাৰ্মাত শিশু, মহিলা, বৃদ্ধকে ধৰি হাজাৰ হাজাৰ নিৰীহ লোকক জীয়াই জীয়াই পুৰি আৰু আন কিছুমানক গুলিয়াই কোনে হত্যা কৰিলে?

ওপৰোক্ত হত্যাকাৰী লোকৰ এজনো মুছলিম নহয় ৷ এই অপৰাধী সকলৰ নাম যেন সকলোৱে পাহৰি অকল মুছলিম সন্ত্ৰাসবাদীৰ নাম লৈ ফুৰিছে ৷ সৌ সিদিনা ISIS (আমেৰিকা-ইজৰাইলৰ সৃষ্টি) য়ে কিছু সংখ্যক নিৰীহ লোকক হত্যা কৰিলে, বিশ্ব জুৰি যেন চুনামি সৃষ্টি হল, সকলোৱে নিজৰ ফেচবুক প্ৰফাইল কালাৰফুল কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে৷ কিন্তু আজি ISIS নিধনৰ নামত ছিৰিয়াত হেজাৰ হেজাৰ নিষ্পাপ নিৰীহ লোকৰ হত্যাৰ প্ৰতিবাদ হোৱা নাই কিয়? নে ছিৰিয়াৰ মানুহ মানুহেই নহয়! তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰ নাই?
অসমত মুছলিমৰ দৰে নাম থকা বহুত নাস্তিক আছে।  ঊদাহৰণ, আহমেদ, আজিজ, আজাম, আয়ুব,  তাফিকুৰ, ৰহমান, হুছেইন, খান, মাচুমা, নাজমুল ইত্যাদি। এতিয়া যদি এওলোকে চুৰি, ৰেপ বা হত্যা কৰি ধৰাত পৰে তেনেহলে এওলোকক যেতিয়া মিডিয়াত দেখুওৱা হব,  তেতিয়া বহুতে তেওঁলোকৰ নাম দেখি মুছলিম বুলি ভাৱি লব।  কিন্তু আচলতে তেওঁলোক মুছলিম নহয়,  বৰং নাস্তিক।

এইটো প্ৰমাণিত যে মিডিয়া ইছলামৰ বিৰুদ্ধে। প্রমাণ হিচাপে কম মিডিয়াই ওছামা বিন লাডেনৰ বিৰুদ্ধে কিমান উৰা বাতৰি কৈ ফুৰে, ওছামা বিন লাদেনে কিমান মানুহক হত্যা কৰিছে?
৯‍/১১ ৰ নামত সজা নাটকটোৰ বিষয়ে আমি সকলোৱে জানো। সেইটো বিন লাডেনে কৰা বুলি কোনো প্ৰমাণ নাই।

গোটেই মুছলিম জাতিয়ে মিলি সিমান মানুহ হত্যা কৰা নাই, যিমান মানুহক হিটলাৰে অকলে হত্যা কৰিছে। আনহাতে সাম্যবাদ নামৰ চৰমপন্থী দলে চীনত মডাৰেট সমাজতন্ৰ প্ৰতিষ্ঠা কৰিছিল ২ কোটি মানুহক হত্যা কৰি।  কেতিয়াবা শুনিছেনে মিডিয়াই এওলোকৰ বিৰুদ্ধে কিবা কৈছে?
কোৱা নাই; কাৰণ এই মিডিয়াবোৰে মাত্ৰ মুছলিমৰ বিৰুদ্ধে কয় কিন্তু নাস্তিক,  হিন্দু,  খ্রীস্টানৰ বিৰুদ্ধে একো নকয়।

আফগানিস্তানত জৰ্জ বুছে ( George W. Bush) সন্ত্ৰাসবাদী বিচৰাৰ নামত কিমান হাজাৰ নিৰীহ লোকক হত্যা কৰিছে। আজি ISIS নিধনৰ নামত ছিৰিয়াত হেজাৰ হেজাৰ নিষ্পাপ নিৰীহ লোকক হত্যা কৰা হৈছে। এইবোৰ কি মিডিয়াৰ চকুত নপৰে নেকি? মুছলিম সকল মৰিলে মানৱতা নাথাকে নেকি?

যেতিয়া এওলোকে এই নিৰীহ মানুহৰ মৃত্যুৰ প্রতিশোধ লোৱাৰ বাবে আমেৰিকা বা ফ্ৰান্সৰ ওপৰত হামলা কৰে, তেতিয়া টিভি ৰ ব্রেকিং নিউজ হৈ পৰে।

আন এটা ঘটনা হল ৩০ অক্টোবৰৰ, হামলাটো হোৱাৰ পাছত মিডিয়াই মুছলিম, মুছলিম বুলি চিঞৰি আছিল, যেতিয়া প্রমাণ হল এইটো Bodo য়ে কৰিছে, তেতিয়া সকলোৱে চুপ হৈ গ’ল। আৰু বহুত আছে ৷ আশাকৰো সকলোৱে বুজিবলৈ চেষ্টা কৰিব।

Posted from WordPress

অজুৰ বিৱৰণ/অজু কৰাৰ নিয়ম

অজুৰ বিৱৰণ ( صفة الوضوء) :

অজুৰ পূর্বে ভালদৰে মিচওয়াক কৰা চুন্নাত। ৰাচুলুল্লাহ (ছাঃ) এ কৈছে,

لَوْلاَ أَنْ أَشُقَّ عَلَى أُمَّتِيْ لَأَمَرْتُهُم ْ بِتَأْخِيْرِ الْعِشَاءِ وَ بِِالسِّوَاكِ عِنْدَ كُلِّ صَلاَةٍ-

‘মোৰ উম্মতৰ কাৰণে কষ্টকৰ বুলি নাভাৱিলে মই তেওঁলোকক ঈছাৰ ছালাত দেৰিকৈ পঢ়া আৰু প্রতি ছালাতত মিচওৱাক কৰাৰ নির্দেশ দিলোহেতেন’।[11] ইয়াত ‘প্রতি ছালাতত’ অর্থাৎ ‘প্রতি ছালাতৰ কাৰণে অজু কৰাৰ সময়’। [12] গতিকে টোপনিৰ পৰা উঠি আৰু প্রতি ওৱাক্ত ছালাতৰ কাৰণে অজু কৰাৰ পূর্বে মিচওৱাক কৰা উত্তম। এই সময়ত জিভাৰ ওপৰভাগ ভালদৰে হাতেৰে ঘঁহি গৰগৰাই কুলি কৰিব।

অজুৰ পদ্ধতি :

(১) প্রথমে মনে মনে অজুৰ নিয়ত কৰিব।[13] তাৰ পিছত

(২) ‘বিছমিল্লাহ’ কব। [14] তাৰ পিছত

(৩) সোঁ হাতত পানী লৈ[15] দুই হাতৰ কব্জি পৰ্যন্ত ধুব[16] আৰু আঙুলিসমূহ খিলাল কৰিব।[17] ইয়াৰ পিছত

(৪) সোঁ হাতত এক অঞ্জলি পানী লৈ একেলগে মুখ আৰু নাকত দি ভালদৰে কুলি কৰিব আৰু প্রয়োজনত নতুন পানী লৈ নাকত দি বাওঁ হাতেৰে ভালদৰে নাক চাফ কৰিব।[18] তাৰ পিছত

(৫) কপালৰ গুৰিৰ পৰা দুই কাণৰ লতি হৈ থুতৰীৰ তল পর্যন্ত সম্পূৰ্ণ মুখমণ্ডল ধুব [19] আৰু দাড়ি খিলাল কৰিব।[20] ইয়াৰ কাৰণে এক অঞ্জলি পানী লৈ থুতৰীৰ তলভাগত দিব।[21] তাৰ পিছত

(৬) প্রথমে সোঁ হাত আৰু পিছত বাওঁ হাত কিলাকুটিলৈ ধুব। [22] ইয়াৰ পিচত

(৭) পানী লৈ[23] দুই হাতৰ ভিজা আঙুলিৰে মূৰৰ সন্মুখ ভাগৰ পৰা পিছফাললৈ আৰু পিছফালৰ পৰা সন্মুখলৈ বুলাই এবাৰ সম্পূৰ্ণ মাথা মাছাহ কৰিব।[24] একেলগে ভিজা শ্বাহাদাত আঙুলিৰ দ্বাৰা কাণৰ ভিতৰ অংশ আৰু বুঢ়া আঙুলিৰ দ্বাৰা কাণৰ বহিৰ্ভাগ মাছাহ কৰিব।[25] পাগুৰীবিহীন অৱস্থাত মাথাৰ কিছু অংশ বা এক চতুর্থাংশ মাথা মাছাহ কৰাৰ কোনো দলীল নাই। বৰং সম্পূর্ণ মাথা অথবা মাথাৰ সন্মুখৰ কিছু অংশ সহ পাগুৰীৰ ওপৰত মাছাহ অথবা কেৱল পাগুৰীৰ ওপৰত মাছাহ প্রমাণিত।[26] ইয়াৰ পিছত

(৮) সোঁ ভৰি আৰু বাওঁ ভৰিৰ সৰু গাঁঠিৰ ওপৰলৈ ভালদৰে ধুব [27] আৰু বাওঁ হাতৰ আঙুলিৰ দ্বাৰা[28] ভৰিৰ আঙুলিসমূহ খিলাল কৰিব।

(৯) এনেদৰে অজুৰ শেষত বাওঁ হাতত কিছু পানী লৈ তিনিবাৰ লজ্জাস্থানলৈ ছটিয়াই দিব[29] আৰু নিম্নোক্ত দো‘আ পাঠ কৰিব-

أَشْهَدُ أَنْ لآ إلَهَ إِلاَّ اللهُ وَحْدَهُ لاَ شَرِيْكَ لَهُ، وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُوْلُهُ، اَللَّهُمَّ اجْعَلْنِيْ مِنَ التَّوابِيْنَ وَاجْعَلْنِيْ مِنَ الْمُتَطَهِّرِيْنَ-

উচ্চাৰণ : আশ্বহাদু আল লা ইলা-হা ইল্লাল্লা-হু ওৱাহ্দাহু লা-শ্বাৰীকা লাহু, ওৱা আশ্বহাদু আন্না মুহাম্মাদান ‘আব্দুহু ওৱা ৰাচুলুহু। আল্লা-হুম্মাজ্‘আল্নী মিনাত্ তাউয়াবীনা ওয়াজ্‘আল্নী মিনাল মুতাত্বাহ্হিৰীন।

অর্থ : ‘মই সাক্ষী দিছোঁ যে, আল্লাহৰ বাহিৰে কোনো উপাস্য নাই। তেওঁ একক ও শ্বৰীক বিহীন¸ আৰু মই সাক্ষী দিছোঁ যে, মুহাম্মাদ (ছাঃ) আল্লাহৰ বান্দা ও ৰাচুল’ (মুছলিম)। হে আল্লাহ! আপুনি আমাক¸ তওবাকাৰীসকল আৰু পবিত্রতা অর্জনকাৰীসকলৰ অন্তর্ভুক্ত কৰা!! (তিৰমিজি)।

উমাৰ ফাৰুক (ৰাঃ) ৰ দ্বাৰা বর্ণিত উক্ত হাদীছত ৰাচুল (ছাঃ) ইৰশ্বাদ কৰিছে, ‘যি ব্যক্তিয়ে পূর্ণভাৱে অজু কৰিব ও কালিমা শ্বাহাদাত পাঠ কৰিব, তাৰ কাৰণে জান্নাতৰ আঠখন দৰ্জাই খুলি দিয়া হব। যিটো ফালেদি ইচ্ছা তেওঁ প্রৱেশ কৰিব’।[30] উল্লেখ্য যে, এই দো‘আ পাঠৰ সময়ত আকাশৰ ফালে চোৱাৰ হাদীছটো ‘মুনকার’ বা জঈফ।[31]

[11] . মুত্তাফাক্ব ‘আলাইহ, মিশকাত হা/৩৭৬ ‘পবিত্রতা’ অধ্যায়-৩, ‘মিচওৱাক’ অনুচ্ছেদ-৩। [12] . কিয়নো উক্ত হাদীছৰ ব্যাখ্যা অন্য হাদীছত আহিছে مَعَ كُلِّ وُضُوْءٍও عِنْدَ كُلِّ وُضُوْءٍ অর্থাৎ ‘প্রত্যেক অজুৰ সৈতে বা সময়ত’ (আহমাদ ও বুখাৰী- তা‘লীক্ব ‘ছওম’ অধ্যায়, ২৭ অনুচ্ছেদ); আলবানী, ইৰওৱাউল গালীল হা/৭০, ১/১০৯। [13] . মুত্তাফাক্ব ‘আলাইহ, মিশকাত হা/১। [14] . আহমাদ, তিৰমিজি, ইবনু মাজাহ, মিশকাত হা/৪০২, ‘অজুৰ চুন্নাত সমূহ’ অনুচ্ছেদ-৪; আবুদাঊদ হা/১০১-০২; সুবুলুচ্ছালাম হা/৪৬৩; নওৱাব ছিদ্দীক হাচান খান ভূপালী ইয়াক ‘ফৰজ’ বুলি গণ্য কৰিছে- আৰ-ৰওজাতুন নাদিইয়াহ ১/১১৭। [15] . আবুদাঊদ, মিশকাত হা/৪০১; নায়লুল আওত্বাৰ ১/২০৬ ‘কুলি কৰাৰ পূর্বে দুই হাত ধোৱা’ অনুচ্ছেদ। [16] . মুত্তাফাক্ব ‘আলাইহ, আহমাদ, নাসাঈ, নায়লুল আওত্বাৰ ১/২০৬ ও ২১০। [17] . নাসাঈ, আবুদাঊদ, তিৰমিজি, ইবনু মাজাহ, মিশকাত হা/৪০৫ ‘অজুৰ চুন্নাত সমূহ’ অনুচ্ছেদ-৪। [18] . মুত্তাফাক্ব ‘আলাইহ, মিশকাত হা/৩৯৪; দাৰেমী, মিশকাত হা/৪১১; মিৰক্বাত ২/১৪ পৃঃ; মাজমূ‘ ফাতাওয়া উছায়মীন (ৰিয়াদ: ১ম সংস্কৰণ ১৪১৯/১৯৯৯) ১২/২৫৭ পৃঃ । [19] . মুত্তাফাক্ব ‘আলাইহ, নায়লুল আওত্বাৰ ১/২১০। [20] . তিৰমিজি হা/২৯-৩১, অনুচ্ছেদ-২৩; ইবনু মাজাহ হা/৪৩০, নায়লুল আওত্বাৰ ১/২২৪। [21] . আবুদাঊদ হা/১৪৫, ‘পবিত্রতা’ অধ্যায়-১, ‘দাড়ি খিলাল কৰা’ অনুচ্ছেদ-৫৬। [22] . বুখাৰী হা/১৪০, নায়লুল আওত্বাৰ ১/২২৩। [23] . তিৰমিজি, মিশকাত হা/৪১৫ ‘অজুৰ সুন্নাত সমূহ’ অনুচ্ছেদ-৪। [24] . মুওয়াত্তা, মুত্তাফাক্ব ‘আলাইহ, মিশকাত হা/৩৯৩-৯৪। [25] . নাসাঈ হা/১০২, ইবনু মাজাহ, নায়ল ১/২৪২-৪৩ ; আবুদাঊদ, তিৰমিজি, মিশকাত হা/৪১৪। [26] . মুত্তাফাক্ব ‘আলাইহ, মিৰ‘আত হা/৩৯৬, ৪০১ – ৰ ব্যাখ্যা দ্রষ্টব্য ২/৯২, ১০৪। [27] . মুত্তাফাক্ব ‘আলাইহ, মিশকাত হা/৩৯৪; মুছলিম, মিশকাত হা/৩৯৮। [28] . আবুদাঊদ, তিৰমিজি, ইবনু মাজাহ, মিশকাত হা/৪০৬-০৭। [29] . আবুদাঊদ হা/৩২-৩৩, ১৬৮; আবুদাঊদ, নাসাঈ, মিশকাত হা/৩৬১, ৩৬৬ ‘পেচাব-পায়খানাৰ আদব’ অনুচ্ছেদ-২; ছহীহাহ হা/৮৪১। [30] . মুছলিম, তিৰমিজি, মিশকাত হা/২৮৯ ‘পবিত্রতা’ অধ্যায়-৩। [31] . আলবানী, ইৰওয়াউল গালীল ১/১৩৫ পৃঃ, হা/৯৬-ৰ ব্যাখ্যা।

কিতাপ- ছালাতুৰ ৰাছুল (ছাঃ) / ডঃ মুহাম্মাদ আছাদুল্লাহ আল-গালিব / ত্বাহাৰৎ বা পবিত্রতা ( الطهارة)

অনুবাদক- জুবেৰ ৰহমান,  নলবাৰী।